কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আন্তৰ্জাতিক অনুবাদ দিৱস পালন

কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আন্তৰ্জাতিক অনুবাদ দিৱস পালন কৰা হয় । উক্ত দিৱসৰ সৈতে সংগতি ৰাখি এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয় । "অসমীয়া অনূদিত গল্প সাহিত্য" শীৰ্ষক বক্তৃতা প্ৰদান কৰে কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ অংকুমণি দাসে । ডঃ দাসে বিশ্বসাহিত্যৰ সন্দৰ্ভত গল্পসাহিত্যৰ অনুবাদ, অসমীয়া ভাষালৈ বাংলা, হিন্দী, ইংৰাজী, ৰুছ, ফৰাচী আদি সাহিত্যৰ গল্পৰ অনুবাদৰ উদাহৰণেৰে অনুবাদৰ সমস্যা, ভিন্ন অনুবাদকে কৰা একেটা গল্পৰ ভিন্ন নামকৰণ তথা ভিন্নৰূপ, অনুবাদৰ সময়ত অনুবাদকে সন্মুখীন হোৱা সমস্যা আৰু এই সমস্যাবোৰ অনুবাদকে কেনেদৰে সমাধান কৰি লয় সেই সম্পৰ্কে বিস্তাৰিত ব্যাখ্যা আগবঢ়ায় । তেখেতে উল্লেখ কৰে যে ভিন্ন ভাষাৰ পৰা হোৱা গল্পসাহিত্যৰ অনুবাদে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাত অৰিহণা যোগাই আহিছে । বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, বিশিষ্ট বিজ্ঞানী, বিজ্ঞান লেখক ডঃ মোহন চন্দ্ৰ কলিতাই অনুষ্ঠানটিৰ মংগল বন্তি প্ৰজ্জ্বলন কৰে । উদ্বোধকৰ ভাষণত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ মুকুন্দ শৰ্মাই আন্তৰ্জাতিক অনুবাদ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে গ্ৰীক ভাষাৰ পৰা লেতিন ভাষালৈ বাইবেল অনুবাদ কৰা উত্তৰ-পূৱ ইটালীৰ এগৰাকী সাধু চেইন্ট জেৰোমৰ সোঁৱৰণী দিৱস ৩০ ছেপ্তেম্বৰত আন্তৰ্জাতিক অনুবাদ দিৱস পালন কৰা হয় । মুখ্য অতিথিৰ ভাষণত উপাচাৰ্য ডঃ মোহন চন্দ্ৰ কলিতাই কয় যে একোখন ঠাইৰ মাতৃভাষাতে সকলোবোৰ কাম-কাজ হ'ব লাগে । জাপানত দীঘলীয়া সময়ৰ বাবে থকাকালীন অভিজ্ঞতাৰ উল্লেখেৰে উপাচাৰ্যগৰাকীয়ে কয় যে, আজিও জাপানত জাপানী ভাষাতে সকলো কাম-কাজ চলে । চীন, ৰাছিয়া আদি দেশতো মাতৃভাষাৰ সণ্ঢালনি প্ৰচলনৰ উদাহৰণ ডাঙি ধৰে । অনুবাদৰ জৰিয়তে থলুৱা ভাষাবোৰৰ বৈশিষ্ট্য সংৰক্ষণ হ'ব পাৰে বুলি তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে । শৈক্ষিক পঞ্জীয়ক ডঃ প্ৰবোধ শৰ্মায়ো আন্তৰ্জাতিক অনুবাদ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে । অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক, বিশিষ্ট অনুবাদক, অনুবাদ চিন্তক ডঃ গোৱিন্দ প্ৰসাদ ভূঞাই অনুবাদ যে এক প্ৰত্যাহ্বানমূলক কৰ্ম, সেই বিষয়ে উল্লেখ কৰি কয়, অনুবাদৰ সময়ত কেতিয়াবা অনুবাদকসকল অননুবাদ্যতাৰ স্তৰত উপনীত হয় । সেই সীমা অতিক্ৰম কৰাটো সহজসাধ্য নহয় । অনুবাদকৰ নিজা প্ৰজ্ঞা, প্ৰতিভা, মনন, সাধনা, অনুশীলনৰ জৰিয়তে অনুবাদকে উপযুক্ত পৰ্যায়বাচী চয়ন কৰি সেই অননুবাদ্যতাৰ স্তৰ অতিক্ৰম কৰে । ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনত আন্তঃবিদ্যাৱৰ্তী ৰূপেৰে অনুবাদৰ ক্ষেত্ৰখনত অপাৰ নিয়োগৰ সুবিধাৰ দুৱাৰ খোল খাই আছে বুলি তেওঁ উল্লেখ কৰে । সভাত পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ সপোন কলিতাই এটি বৰগীত পৰিৱেশন কৰে । বক্তৃতানুষ্ঠানটিত উপ পৰীক্ষা নিয়ন্ত্ৰক ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ, ভাৰপ্ৰাপ্ত সামগ্ৰিক ব্যৱস্থাপনা বিষয়া প্ৰাঞ্জল পাটোৱাৰী, অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল, কৃষ্ণগুৰু মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, কৃষ্ণগুৰু বিজ্ঞান আৰু প্ৰযুক্তি মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, বিশ্ববিদ্যালয়খনৰ নাৰ্চিং প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ একাংশ ছাত্ৰী, শিক্ষাতত্ত্ব, ৰাজনীতি বিজ্ঞান, দৰ্শন, অসমীয়া বিভাগ, পৰিৱেশ্য কলা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে । বক্তৃতাৰ শেষত প্ৰশ্নোত্তৰ অনুষ্ঠানত সমল ব্যক্তিগৰাকীৰ সৈতে অধ্যাপক তথা ছাত্ৰ-ছাত্ৰীসকলে মত বিনিময় কৰে । অধ্যাপক ডঃ গোৱিন্দ প্ৰসাদ ভূঞাই পৰিচালনা কৰা অনুষ্ঠানটিৰ পৰিশেষত অধ্যাপক জাহ্নৱী বসুমতাৰীয়ে শলাগৰ শৰাই আগবঢ়ায় । জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ অন্ত পৰে ।





